সমনীয়াৰ সৈতে নদীত গা ধুবলৈ গৈ সন্ধানহীন কিশোৰ

July 19, 2021 0 By Biraj Kalita

নিউজ ডেস্ক। বৰক্ষেত্ৰীৰ গলদীঘলাত অঘটন। নদীত গা ধুবলৈ গৈ সন্ধানহীন এজন কিশোৰ।

সমনীয়াৰ সৈতে পাগলাদিয়া নৈত গা ধুবলৈ গৈ সন্ধানহীন ইনজামানুল হক নামৰ এগৰাকী কিশোৰ।

জানিব পৰা মতে, উচ্চতৰ মাধ্যমিকৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আছিল ইনজামানুল হক।

ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈছে আৰু অঞ্চলটোৰ স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলাই আছে যদিও কিশোৰজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।