সমালোচনাক কেয়াৰ নকৰো, এনকাউণ্টাৰ চলিবই; আৰক্ষীক আক্ৰমণ কৰিলে বহি নাথাকেঃ মুখ্যমন্ত্ৰী…

July 14, 2021 0 By Biraj Kalita

ৰাজ্যত চলি থকা ধাৰাবাহিক এনকাউণ্টাৰ সন্দৰ্ভত বুধবাৰে বিধানসভা উত্তাল কৰি তোলে বিৰোধীয়ে।

আৰক্ষীয়ে জধে মধে গুলীয়াইছে বুলি সদনত তীব্ৰ ভাষাৰে চৰকাৰক থকাসৰকা কৰিব বিচাৰিছিল শ্বেৰমান আলীয়ে।

কিন্তু ইয়াৰ উত্তৰ দৃঢ়াতাৰে দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে কয়- ‘এই চৰকাৰ শূন্য সহনশীল, আৰক্ষীক গুলীয়াব বিচাৰিলে উত্তৰ পাবই। আৰক্ষীক কোনোবাই আক্ৰমণ কৰিলে আৰক্ষীয়ে কি বহি থাকিব? মই যেতিয়ালৈ এই আসনত থাকিম; তেতিয়ালৈ অসম আৰক্ষীক আক্ৰমণ কৰিলে কোনো ৰক্ষা নাপায়। মই মোৰ বিভাগ দুৰ্বল কৰিব নোৱাৰোঁ৷

লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয়- ‘আইনৰ ভিতৰত থাকি আৰক্ষীয়ে Extreme পন্থা লওক৷ বিষ পান কৰিবলৈ মই সাজু আছোঁ৷ কোনো সমালোচনাই কেয়াৰ নকৰো৷ মই নীলকণ্ঠৰ দৰে সেই সমালোচনাৰ বিষপান কৰিম।

আপোনালোকে অসম আৰক্ষীক কাম কৰাত উৎসাহ যোগাওক বুলি বিৰোধীক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।