সম্প্ৰতিৰ নিদৰ্শন! হিন্দু যুৱতীৰ বিয়াৰ দায়িত্ব ল’লে কেইজনমান মুছলমান যুৱকে

January 29, 2022 0 By NEWS DESK

নিউজ ডেস্ক। সম্প্ৰতিৰ নিদৰ্শন দাঙি ধৰিছে কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰাৰ টুপামাৰীৰ একাংশ যুৱকে।

ধৰ্মীয় গোড়ামী পৰিহাৰ কৰি বাবুল হৰিজন নামৰ এজন আৰ্থিকভাৱে দুৰ্বল লােকৰ পৰিয়ালৰ ওচৰত থিয় দিছে একাংশ মুছলমান যুৱকে।

বৃহত্তৰ টুপামাৰী অঞ্চলত বসবাস কৰা এটা হিন্দু পৰিয়াল।

জন্মলগ্নৰে পৰা পৰিয়ালটোৰ প্ৰতিজন সদস্যই টুপামাৰীৰ মুছলমান সমাজত থাকি ডাঙৰ-দীঘল হোৱাত আজি বিপদৰ সময়ত পৰিয়ালটোৰ কাষত থিয় দি সম্প্ৰতিৰ নিদৰ্শন দাঙি ধৰিছে অঞ্চলটোৰ মুছলমান যুৱকসকলে।

হৰিজন হৈয়ো নিজৰ কষ্টোপাৰ্জিত ধনেৰে জীয়েকক কৰিছে শিক্ষিত।

বাবুল হৰিজনৰ স্নাতক ডিগ্ৰীধাৰী কন্যাৰ বিয়া সমাগত। অভাৱত জুৰুলা বাবুল হৰিজনৰ শিক্ষিতা কন্যাৰ বিয়াৰ দায়িত্ব ল’বলৈ আগবাঢ়ি আহিছে টুপামাৰী অঞ্চলৰ একাংশ মুছলমান যুৱকে।

প্ৰতিজনেই সাধ্যানুসৰি দান-বৰঙণি আগবঢ়োৱাৰ লগতে আন দহজনৰ পৰাও সংগ্ৰহ কৰিছে বৰঙণি।

মুঠৰ ওপৰত বাবুল হৰিজনৰ শিক্ষিতা কন্যা গৰাকীৰ বিয়াৰ সমুদায় ব্যয় বহন কৰিব এই মুছলমান যুৱকসকলে।

সাম্প্ৰদায়িকতাৰ মানসিকতাৰ পৰা নিজকে বহু দূৰত ৰাখি মুছলমান যুৱকসকলৰ এই মহানুভৱতাৰ শলাগ লৈছে বাবুল হৰিজনে।