সম্প্ৰীতিৰ মিলনভূমিত পৰিণত বৰজং বিল, দহ সহস্ৰাধিক লোকৰ সমূহীয়া মৎস্য চিকাৰ…

March 9, 2022 0 By Biraj Kalita

সম্প্ৰীতিৰ মিলনভূমিত পৰিণত বৰজং বিল, দহ সহস্ৰাধিক লোকৰ সমূহীয়া মৎস্য চিকাৰ।

গোৱালপাৰা জিলাৰ লক্ষীপুৰ উন্নয়ন খণ্ডৰ অন্তর্গত ৰংছাইৰ নিকটৱর্তী অসম মেঘালয় সীমান্তৱর্তী বৰঝৰা সাৰাপাৰাস্থিত বৰজং বিলত সমূহীয়া মৎস্য চিকাৰ।

উল্লেখ্য যে আন আন বছৰৰ দৰে এই বেলিও মঙলবাৰে বৰঝৰা সাৰাপাৰা বৰজং বিল পৰিচালনা সমিতিৰ সৌজন্যত বৰজং বিলত দিনজোৰা কাৰ্যসূচীৰে সমূহীয়া মৎস্য চিকাৰৰ আয়োজন কৰা হয়।

পুৱা আঠ বজাত বৰজং বিল পৰিচালনা সমিতিৰ সভাপতি অৰুন ৰাভা আৰু ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কার্যবাহী সদস্য হৰিশ চন্দ্ৰ ৰাভাই যুটীয়াভাৱে ফিটা কাটি সমূহীয়া মৎস্য চিকাৰ পর্ব্বৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে।

পুৱাৰে পৰাই অসম আৰু মেঘালয়ৰ প্ৰায় উনত্ৰিশ খন গাওঁ পঞ্চায়তৰ জাতি, ধৰ্ম, বর্ণ নির্বিশেষে দহ সহস্ৰাধিক পুৰুষ মহিলাই হাতে হাতে জাল-জাকৈ,পল’ আদি লৈ বৰজং বিলত মাছ ধৰিবলৈ নামি পৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে সমূহীয়া মাছ ধৰা পর্ব্ব উপলক্ষে মঙলবাৰে বৰজং বিলত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়।