সহজ ধনৰ লোভ! KBC ৰ নামত প্ৰৱঞ্চকৰ জালত পৰি সৰ্বস্বান্ত এটা দৰিদ্ৰ পৰিয়াল

August 25, 2021 0 By NEWS DESK

নিউজ ডেস্ক। টিভিৰ পৰ্দাত পুনৰ আৰম্ভ হৈছে অমিতাভ বচ্চনৰ জনপ্ৰিয় শ্ব’ কৌন বনেগা কৰৌৰপতি (কেবিচি)।

তেনে সময়তে দেশৰ বিভিন্ন প্ৰান্তত পুনৰ আৰম্ভ হৈছে কেবিচিৰ নামত প্ৰৱঞ্চনাৰ ঘটনা।

তেনে এক ঘটনা সংঘটিত হৈছে অসমৰ নগাঁও জিলাৰ ধিঙত।

সহজ ধনৰ লালসাত পৰিল নিশাটােৰ ভিতৰতে লাখপতি হ’বলৈ গৈ এতিয়া চকুৰ পানীৰে বাট নেদেখা হৈছে এটা দৰিদ্ৰ পৰিয়ালে।

‘কোন বনেগা কৰৌৰপতি’ৰ নামত প্ৰৱঞ্চকৰ জালত পৰিল দৰিদ্ৰ পৰিয়ালটো।

প্ৰথমে প্ৰৱঞ্চকৰ প্ৰশ্নোত্তৰ, তাৰ পাছত লটাৰীৰ জৰিয়তে ২৫ লাখ টকাৰ টোপ আৰু তাৰ পাছৰ পৰাই ক্ৰমান্বয়ে আৰম্ভ টকা বিচাৰি একাধিক ফোন।

টকা ধাৰলৈ আনি পৰ্যায়ক্ৰমে টকা দি দি এতিয়া নাজল-নাথল অৱস্থাত পৰিছে।

ধিঙৰ বেছামাৰীৰ ছফিকুল ইছলামৰ পত্নী চেমিনাছ পাৰবিনে প্ৰথমে কেবিচিত আৰম্ভ কৰিছিল প্ৰশ্নোত্তৰ আৰু তাৰ কেইদিনমানৰ পাছতে মহিলাগৰাকীলৈ কেবিচিৰ ফোন- চেমিনাছে লটাৰীৰ জৰিয়তে লাভ কৰিছে ২৫ লাখ টকা। লগে লগে টকা পোৱাৰ আনন্দত আত্মহাৰা চেমিনাছৰ দৰিদ্ৰ পৰিয়ালটো।

কিন্তু তাৰ পিছৰে পৰাই প্ৰয়োজনীয় নথিপত্ৰ বনোৱাৰ বাবে কেবিচিৰ পৰা আহে ধাৰাবাহিক ফোন।

প্ৰতি বাৰেই নথিপত্ৰ বনোৱাৰ নামত দাবী কৰিছিল টকা। টকাৰ লোভত ধাৰ-ঋণ কৰি হ’লেও জমা দিছিল বিচৰা ধন। মুঠ ৮৫ হাজাৰ টকা জমা দিলে যদিও চেমিনাছৰ দুখীয়া পৰিয়ালটোৱে আজিও লাভ নকৰিলে লটাৰীৰ ২৫ লাখ টকা।

বহুজনৰ পৰা টকা ধাৰলৈ আনি এতিয়া মূৰে-কপালে হাত দিছে চেমিনাছৰ দুখীয়া পৰিয়ালটোৱে।

কোনো উপাৰ্জনৰ বিকল্প পথ নথকা পৰিয়ালটোৱে কেনেকৈ পৰিশোধ কৰিব ঋণৰ ধন। সহজ ধনৰ লোভত পৰি এতিয়া সৰ্বস্বান্ত ধিঙৰ এইটো পৰিয়াল।

এনেদৰেই প্ৰৱঞ্চক চক্ৰৰ জালত পৰি সৰ্বস্বান্ত হৈছে সমাজৰ বহুজন।