সাংবাদিক বেনজিন বড়োলৈ সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা

December 7, 2020 0 By NEWS DESK

নিউজ ডেস্ক। সাংবাদিক কৰ্ম পৰিষদ অসমৰ গোৱালপাৰা জিলা সমিতিয়ে বিগত ২০০৮ বৰ্ষৰ পৰাই প্ৰদান কৰি অহা ‘সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা’ ২০১৯ চনৰ বাবে অনুষ্ঠিনিকভাৱে ঘোষণা কৰিছে।

ৰবিবাৰে দিনৰ ১১ বজাত আগিয়া লুইত সংঘৰ বাকৰিত অনুষ্ঠিত সাধাৰণ সভাত গোৱালপাৰা জিলা সাংবাদিক কৰ্ম পৰিষদ অসমৰ সভাপতি নীলমণি শৰ্মাই আনুষ্ঠানিকভাৱে দুধনৈৰ সাংবাদিক বেনজিন বড়োৰ নাম এইবাৰৰ ‘সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা’ৰ বাবে ঘোষণা কৰে।

বেনজিন বড়াে

আনহাতে, জিলা সমিতিৰ সম্পাদক কন্দৰ্প কুমাৰ নাথে আঁত ধৰা সভাত ভালে কেইটা প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে অহা ২৯ ডিচেম্বৰত ৰংজুলিত অনুষ্ঠিত হ’বলগীয়া বিশেষ সভাত এই বঁটা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।

আনহাতে, এই বঁটা ৰাজ্যিক ভিত্তিক প্ৰতি বছৰে অসমৰ চুকে-কোণে সিঁচৰিত হৈ থকা মফচলীয়া সাংবাদিকসকলৰ মাজৰ পৰা যোগ্যতাৰ ভিত্তিত প্ৰদান কৰি আহিছে।

২০১৯ বৰ্ষৰ বাবে জিলাখনৰে দুধনৈৰ বেনজিন বড়োক নিৰ্বাচিত কৰাৰ বাবে আগিয়া প্ৰেছ ক্লাব, গোৱালপাৰা প্ৰেছ ক্লাব, কৃষ্ণাই প্ৰেছ ক্লাব, দুধনৈ প্ৰেছ ক্লাব আৰুমাটিয়া প্ৰেছ ক্লাবসৰ লগতে বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে।