সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ গৈ পথ দুৰ্ঘটনাত চাইকেল আৰােহী যুৱকৰ মৃত্যু

November 22, 2021 0 By NEWS DESK

নিউজ ডেস্ক। নিশা বঙাইগাঁও কাকৈজানত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।

সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ গৈ মৃত্যুক সাৱটিলে এজন লোকে।

কাকৈজানত সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় অধিৱেশনৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ গৈ থকা অৱস্থাত এখন তীব্ৰবেগী বলেৰ’ পিক্আপ ভানে মহতীয়াই নিয়ে এজন চাইকেল আৰোহীক।

ফলত ঘটনাস্থলীতে মৃত্যু হয় চাইকেল আৰোহী তৰণী ৰায় নামৰ লোকজনৰ।

তৰণী ৰায়ৰ ঘৰ আমতলাত বুলি জানিব পৰা গৈছে। বাহনখনৰ নম্বৰ এএছ ১৯ এচি ০৮৪৯।

ইপিনে দুৰ্ঘটনা সংঘটিত কৰি তীব্ৰ বেগী পিক্আপ ভানখনে পলায়নৰ চেষ্টা কৰে যদিও একাংশ যুৱকে মটৰ চাইকেলেৰে খেদি খেদি কৰায়ত্ব কৰিবলৈ সক্ষম হয়।