সাধাৰণ জনতাৰ ওপৰত মাধমাৰ! ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ২৫ টকাকৈ বৃদ্ধি…

July 1, 2021 0 By Biraj Kalita

সাধাৰণ জনতাৰ ওপৰত মাধমাৰ!

পেট্ৰ’ল-ডিজেলৰ সমান্তৰালকৈ এইবাৰ বৃদ্ধি হ’ল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম।

২৫.৫০ টকাকৈ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম।

চৰকাৰী তেল কোম্পানীবোৰে ঘৰুৱা এলপিজি ২৫.৫০ টকা বৃদ্ধি কৰিছে।

আনহাতে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে ৮৪ টকা।

সেই অনুসৰি দেশৰ ৰাজধানী দিল্লীত ১৪.২ কিলোগ্ৰাম গেছ চিলিণ্ডাৰৰ মূল্য ৮৩৪ টকালৈ বৃদ্ধি হৈছে।আনহাতে কলকাতাত ৮৬১ টকা, মুম্বাইত ৮৩৪.৫ টকা আৰু চেন্নাইত ৮৫০ টকাত উপলব্ধ হ’ব।

আমূল গাখীৰতো আজিৰ পৰা প্ৰতিলিটাৰত ২ টকাকৈ মূল্য বৃদ্ধি। প্ৰায় ডেৰ বছৰৰ মুৰকত আমূলে বৃদ্ধি কৰিছে দাম।

এতিয়াৰে পৰা আমূল গোল্ড ৫৮ টকা লিটাৰ, আমূল তাজা ৪৬ টকা আৰু আমূল শক্তি ৫২ টকা লিটাৰত উপলব্ধ হৈছে।

বেংকৰ পৰাও লেনদেনৰ ক্ষেত্ৰত মূল্য বৃদ্ধি কৰা হৈছে। ষ্টেট বেংক অৱ ইণ্ডিয়াই পইচা লেনদেনৰ চাৰ্জৰ ক্ষেত্ৰত কিছু মূল্য বৃদ্ধি কৰিছে।

এতিয়াৰে পৰা মাহেকত কেৱল ৪ বাৰে পইচা উলিয়াব পাৰিব। তাতোকৈ অধিক উলিয়ালে ১৫ টকা ভৰিব লাগিব।