সান্ধ্য আইনৰ মাজতে ফলমূলৰ কাৰ্টনৰ ভিতৰত লুকুৱাই অনা অৱস্থাত উদ্ধাৰ বান্দোলে বান্দোলে টকা…
July 10, 2021সান্ধ্য আইনৰ মাজতে ফলমূলৰ কাৰ্টনৰ ভিতৰত লুকুৱাই অনা অৱস্থাত উদ্ধাৰ বান্দোলে বান্দোলে টকা।
শুকুৰবাৰে নিশা গোলাঘাট নগৰৰ মাজমজিয়াৰ টোকানী চাৰ্কোলত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ধন।
সান্ধ্য আইন চলি থকা সময়তো আৰক্ষীয়ে অভিযান চলাই এখন ইন’ভা ক্ৰিষ্টা বাহনৰ পৰা ধনখিনি জব্দ কৰিবলৈ সক্ষম হয়।
এএছ ০১ ই এম ৮২৪৯ ইন’ভা ক্ৰিষ্টা বাহন খনত উঠি অহা তিনি জন লোকে এটা ফলমূলৰ কাৰ্টনৰ ভিতৰত লুকুৱাই অনা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে টকাখিনি।
গোলাঘাট আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকে ধনখিনি জব্দ কৰাৰ লগতে বাহনত অহা তিনিজন লোককো আৰক্ষীয়ে আটক কৰে।
গাড়ী চালকৰ ভাষ্য অনুসৰি ধনসমূহ কাৰ্বি আংলং চিলনীজানৰ বীৰ সিং নামৰ ব্যক্তি জনৰ বুলি জানিবলৈ দিছে যদিও বৰ্তমান পৰ্যন্ত সঠিক তথ্য লাভ কৰা নাই।