সাপ্তাহিক বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

September 12, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ধুবুৰী জিলাৰ গৌৰীপুৰ সমষ্টিৰ পাৰ্শ্বৱৰ্তী পৰ্বতঝোৰাৰ দেৱীতোলা সাপ্তাহিক বজাৰত ভয়ংকৰ অগ্নিকাণ্ড।

বজাৰ খনৰ এখন চাহ দোকানৰ গেছ চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডৰ সৃষ্টি হয়।

মুহূৰ্তৰ ভিতৰতে ৮-৯খন দোকান অগ্নিত ভস্মিভূত হয়।

উক্ত অগ্নিকাণ্ডৰ ফলত প্ৰায় ৬০-৭০ লাখ টকাৰ সম্পত্তি ক্ষয় ক্ষতি হয় বুলি জানিব পৰা গৈছে।

স্থানীয় ৰাইজে পৰ্বতঝোৰা এলেকাত অগ্নিনিৰ্বাপক বাহিনীৰ এটা কক্ষ স্থাপন কৰিবলৈ চৰকাৰক দাবী জনাই।