সাহসৰ অনন্য নিদৰ্শন, ৯৪ বছৰীয়া আইতাই জয় কৰিলে ক’ভিডক…

June 11, 2021 0 By Biraj Kalita

অদম্য সাহসৰ নিদৰ্শন এগৰাকী আইতা।

৯৪ বছৰীয়া আইতাই জয় কৰিলে ক’ভিডক।

গহপুৰৰ বগী চাংমাই নামৰ এগৰাকী ৯৪ বছৰীয়া বৃদ্ধাই হোম আইছোলেচনত থাকিয়েই জয় কৰিলে ক’ভিডক।

২ জুনত ক’ভিড পজিটিভ হৈছিল বগী চাংমাই।

৩১ মে’ত তেওঁৰ পুত্ৰ তোলন চাংমাই আৰু নাতিনী চিম্পী চাংমাইৰ ক’ভিড পজিটিভ হোৱাৰ পিছত বগী চাংমাই নামৰ আইতাগৰাকীও আক্ৰান্ত হৈছিল ক’ভিডত।

কিন্তু কেইমাহমানৰ পূৰ্বে এখন ভৰি ভগাৰ ফলত হুইল চেয়াৰকে সাৰথি কৰি জীৱন পাৰ কৰা আইতাগৰাকীক সেয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পৰিবৰ্তে তেলিয়াচুকৰ বাসগৃহত হোম কোৱাৰেণ্টাইন কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হয়।

বগী চাংমাইৰ কোভিড জয়ৰ আঁৰত আছে এজন যুৱকৰ বিশেষ অৱদান।

হেলেম সাহাৰ্য প্ৰাপ্ত চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট গৌতম বৰাৰ যত্ন আৰু পৰিচৰ্যাৰ বাবেই ৯৪ বছৰতো মহামাৰী ক’ভিডক পৰাভূত কৰিব পাৰলে বগী চাংমাইয়ে। 

ফাৰ্মাচিষ্ট গৌতম বৰাৰ লগতে এএনএম লীনা শইকীয়া আৰু চতুৰ্থ বৰ্গৰ সহায়ক দিলিপ দাসেও কৰে অশেষ য়ত্ন।

অৱশেষত ক’ভিড পৰীক্ষাৰ ৰিপোৰ্ট নিগেটিভ হোৱাত ফাৰ্মাচিষ্ট গৌতম বৰাৰ লগতে স্বাস্থ্য কৰ্মীৰ দলটোৱে বৃদ্ধাগৰাকীক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ূ কামনা কৰে।