সাহিত্যৰ পৰা ৰাজনীতিৰ পথাৰত খােজ ডঃ পৰমানন্দ ৰাজবংশীৰ!

November 10, 2020 0 By NEWS DESK

নিউজ ডেস্ক। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি-সম্পাদক ডঃ পৰমানন্দ ৰাজবংশীয়ে আজি আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ (অগপ)ত যােগদান কৰে।

দলটােৰ গুৱাহাটীৰ আমবাৰী স্থিত মুখ্য কাৰ্যালয়ত এই উপলক্ষে এক অনুষ্ঠানৰ আয়ােজন কৰা হয়।

ডঃ পৰমানন্দ ৰাজবংশী

দলৰ সভাপতি তথা অসমৰ কৃষিমন্ত্ৰী অতুল বৰা, জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত, যােগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, খাদী ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতাৰ লগতে অন্যান্য দলীয় বিষয়ববীয়াৰ উপস্থিতত আনুষ্ঠানিকভাৱে অগপৰ সদস্যতা গ্ৰহণ কৰে ৰাজবংশীয়ে।

এই যোগদান কাৰ্যসূচীত ভাষণ প্ৰদান কৰি অগপৰ সভাপতি অতুল বৰাই কয় যে প্ৰগতিশীল জাতীয়তাবাদৰ বাবে আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন।

তেওঁ কয় যে ডঃ ৰাজবংশী বিভিন্ন অৰাজনৈতিক ক্ষেত্ৰত নেতৃত্ব বহন কৰাৰ বিচিত্ৰ অভিজ্ঞতাৰ অধিকাৰী।

UB Photos

উল্লেখ্য, সাহিত্য সভাৰ লগত দীৰ্ঘদিনৰে পৰা জড়িত পৰামানন্দ ৰাজবংশী সভাৰ সভাপতিৰ লগতে সম্পাদকৰ দায়িত্বও দক্ষতাৰে নিৰ্বহন কৰিছিল।

সদৌ অসম ছাত্ৰ সন্থাৰ লগতেও পূৰ্বেত জড়িত থকা ৰাজবংশী প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখ্য যে একেখন অনুষ্ঠানতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলাৰ বহু সদস্যই অসম গণ পৰিষদৰ সদস্যতা গ্ৰহণ কৰে।

নতুনকৈ সদস্যভুক্ত হােৱা লােকসকলক সভাপতি বৰাই দলীয় প্ৰতীক থকা গামােচাৰে আদৰণি জনায়।