বিহুৰ পূৰ্বে লীলাবাৰীত আনুষ্ঠানিকভাৱে মুকলি হ’ব উত্তৰ পূৱৰ প্ৰথমটো পাইলট প্ৰশিক্ষণ কেন্দ্ৰ

April 9, 2022 0 By NEWS DESK

নিউজ ডেস্ক। অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ বাবে সুখবৰ।

লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত স্থাপন কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমটো পাইলট প্ৰশিক্ষণ কেন্দ্ৰ।

বিহুৰ পূৰ্বে অৰ্থাৎ ১২ এপ্ৰিলত এই পাইলট প্ৰশিক্ষণ কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰিব কেন্দ্রীয় অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই।

অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব।

ৰেড বাৰ্ড ফ্লাইট ট্ৰেইনিং একাডেমীৰ দ্বাৰা পৰিচালিত হ’বলগীয়া এই প্ৰশিক্ষণ কেন্দ্ৰটোত বিমান সেৱাৰ লগত জড়িত সকলো বিভাগৰ প্ৰশিক্ষণ প্ৰদান কৰা হব।

অৱশ্যে প্ৰথমাৱস্থাত কেৱল পাইলট প্ৰশিক্ষণ কেন্দ্রটোহে মুকলি কৰা হ’ব।

উল্লেখ্য যে, বৰ্তমান অসামৰিক বিমান সেৱা চলি থকা এই বন্দৰটোত যুদ্ধকালীন পৰিস্থিতিত তৎকালীনভাৱে সামৰিক ঘাটিলৈ পৰিৱৰ্তন কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে।

পাইলট প্ৰশিক্ষণ কেন্দ্রটো স্থাপনৰ ফলত গুৰুত্ব বৃদ্ধি পাইছে লীলাবাৰী বিমান বন্দৰৰ।