সুশান্ত সিং ৰাজপুতৰ প্ৰথম মৃত্যু বাৰ্ষিকীঃ ব্যতিক্ৰমী ছবিৰে শ্ৰদ্ধাঞ্জলি চিৰাঙৰ যুৱকৰ…
June 14, 2021অভিনেতা সশান্ত সিং ৰাজপুতৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী।
প্ৰয়াত অভিনেতাগৰাকীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে অনুৰাগীসকলৰ লগতে বলীউডৰ অন্য তাৰকাসকলেও জ্ঞাপন কৰিছে শ্ৰদ্ধাঞ্জলি।
মৃত্যু বাৰ্ষিকী উপলক্ষে চিৰাঙত প্ৰয়াত তাৰকা সুশান্ত সিং ৰাজপুতলৈ ব্যতিক্ৰমী ধৰণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে এজন অনুৰাগীয়ে।
অভিনেতাগৰাকীৰ অনুৰাগী চিৰাং জিলাৰ বাসুগাঁৱৰ ছাত্ৰ সৌৰভ মণ্ডলে সুশান্ত সিং ৰাজপুতক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰাৰ উদ্দেশ্যৰে ৩১ হেজাৰ গজালেৰে আঁকি উলিয়ালে অভিনেতাগৰাকীৰ এখন ছবি।
দৈনিক পাঁচ ঘন্টাকৈ আঠ দিনৰ মূৰত ৰাজপুতৰ চিত্ৰখন নিৰ্মাণ কৰে চিত্ৰশিল্পীজনে৷
প্ৰতিভাৱান জনপ্ৰিয় অভিনেতাজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যেৰে চিত্ৰ শিল্পীজনে নেইল আৰ্টৰ জৰিয়তে এইদৰে ব্যতিক্ৰমী প্ৰয়াস কৰে।
উল্লেখ্য যে, ছবি অংকনৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ স্কেছ পেইণ্টিং কৰাৰ পাছত মাউথ পেইণ্টিং কৰি চৰ্চালৈ আহিছিল যুৱকজন।
মাউথ পেইণ্টি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ছবি আঁকি মুখ্যমন্ত্ৰীৰ শুভেচ্ছা লাভ কৰা এইজন সৌৰভ মণ্ডলে পূৰ্বতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ(এক্সট্ৰা অৰ্ডিনাৰী আৰ্টিষ্ট)ত নাম সন্নিৱিষ্ট কৰাৰ লগতে এছিয়া বুক অৱ ৰেকৰ্ডছ ( গ্ৰেণ্ড মাষ্টাৰ)ত পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।