সুৰাৰ উজানঃ আৰক্ষীৰ অভিযানত জব্দ কাৰ্টুনে কাৰ্টুনে অবৈধ অৰুণাচলী সুৰা…

July 1, 2021 0 By Biraj Kalita

অবৈধ সুৰাৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমানৰ অবৈধ্ অৰুণাচলী সুৰা।

বিশ্বনাথ জিলাৰ নবনিযুক্ত আৰক্ষী অধীক্ষক ৰিপুল দাস নেতৃত্বত জব্দ কৰা হৈছে সুৰাখিনি।

বিশ্বনাথ সদৰ আৰক্ষী থানাৰ দল,গহপুৰ ,বিহালী, চতিয়া আৰু জিনজিয়া আৰক্ষী থানাৰ অভিযানকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ১০৫০ টা অবৈধ সুৰাৰ বটল।

লগতে দুজন অবৈধ সুৰা বেপাৰীক ধৰিবলৈ সক্ষম হয়।জিলাখনত আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানৰ বাবে জিলাবাসীয়ে আৰক্ষীৰ শলাগ লৈছে।

এইফালে বিশ্বনাথ জিলা আৰক্ষীয়ে এই অবৈধ সুৰা, গাঞ্জা আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে জিলাৰ উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে।