সুৰাৰ ৰাগিত গাড়ী চালকে মহটিয়াই নিলে বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটা
November 14, 2021এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল গুৱাহাটীৰ জালুবাৰীবাসী।
উদণ্ড যুৱকে চলােৱা অনিয়ন্ত্ৰণিত গাড়ীৰ খুন্দাত ভাঙি পৰিল উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটা।
নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগী বাহনে খুন্দিয়াইছিল বিদ্যুতৰ খুঁটাত।
সুৰাপান কৰি গাড়ী চলোৱাৰ ফলতেই উক্ত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
দুৰ্ঘটনাত সামান্য পৰিমাণে আহত হয় বাহনখনত থকা দুজনকৈ লোক।