সেনাই পৃথকে পৃথকে চলোৱা অভিযানত গ্ৰেপ্তাৰ ১২ গৰাকী NSCN কেডাৰ…
June 27, 2021নাগালেণ্ডৰ ডিমাপুৰত সেনাই চলোৱা পৃথক পৃথক অভিযান ত নগা বিদ্ৰোহী সংগঠনৰ ১১ গৰাকী কেডাৰক গ্ৰেপ্তাৰ।
গ্ৰেপ্তাৰ হোৱা কেডাৰ কেইগৰাকী নিক্কী চুমী আৰু মুইভা গোটৰ।
ডিমাপুৰ থিলিক্সু গাঁৱৰ পৰা নিক্কী চুমী গোটৰ কেডাৰ কেইজনে অবৈধ কেম্পৰ পৰাই ৰাষ্ট্ৰীয় ঘাই পথৰ একাংশ যানবাহনৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ কৰিছিল।
সুৰক্ষা বাহিনীয়ে এই গোপন খবৰ লাভ কৰা পিছতে নগা আৰক্ষীৰ সৈতে অভিযান চলাই কেডাৰ কেইজনক গ্ৰেপ্তাৰ কৰে।
অভিযানকালত সেনাই তেওঁলোকৰ পৰা তিনিটা পিষ্টল জব্দ কৰিছে।
ইপিনে ডিমাপুৰৰ বাৰ্মা কেম্প অঞ্চলৰ পৰা মাৰণাস্ত্ৰ সৰবৰাহ লগত জড়িত থকাৰ সন্দেহ এজন এন এছ চি এন মুইভা গোটৰ সদস্যক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা সেনাই এটা .২২ পিষ্টল উদ্ধাৰ কৰে ।
ইফালে মণিপুৰতো আছাম ৰাইফলছে গোপন খবৰ ভিত্তিত চলোৱা অভিযান কুকি নেচনেল আৰ্মি, এন এছ চি এন ৰিফৰ্মেচন আৰু পি এলৰ ১৬ গৰাকী দুৰ্ধষ কেডাৰক মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছে।