BSF ৰ সমাগ্ৰী কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত, এজন জোৱান নিহত, চালকসহ আহত দুজন…

June 6, 2021 0 By Biraj Kalita

শোকাৱহ দুৰ্ঘটনাত পতিত সীমান্ত সুৰক্ষা বাহিনী চমুকৈ BSF ৰ সামগ্ৰী কঢ়িওৱা এখন বাহন।

গোসাইগাঁও মহকুমাৰ কচুগাঁও ৩১ নম্বৰ(গ) ৰাষ্ট্ৰীয় ঘাইপথত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ এখন গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাটোৰ ফলত এগৰাকী জোৱান নিহত হোৱাৰ লগতে চালকসহ দুজন জোৱান আহত হয়।

নিহত জোৱান গৰাকী উৰিষ্যাৰ নিবাসী তথা বি এছ এফৰ ১৯২ নম্বৰ বাহিনীৰ তাবেৰা বুদেক বুলি চিনাক্ত কৰা হৈছে।

আনহাতে আহত দুজনক জয়প্ৰকাশ আৰু বিজয় কুমাৰ বুলি চিনাক্ত কৰা হৈছে।

গুৱাহাটীৰ পৰা কেন্টিনৰ সামগ্ৰী কঢ়িয়াই বংগৰ কোচবিহাৰ অভিমুখে গৈ থকা অৱস্থাত এ এছ ০১ এম/চি ৮৩৯৩ নম্বৰৰ গাড়ীখন কচুগাঁও ৰাইখুনবাৰী দলং পোৱাৰ লগে লগে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰে।

ফলত তিনি গৰাকী জোৱান গাড়ীৰ ভিতৰত আবদ্ধ হৈ পৰে। দুজন জোৱানক লগে লগে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এগৰাকী জোৱান আবদ্ধ হৈ থাকে।

প্ৰায় আধঘন্টা পিছত উদ্ধাৰ হোৱা জোৱানজনক ততাতৈয়াকৈ কচুগাঁও প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

লগতে চাওকঃ

মৰ্মান্তিক! ক’ভিড-১৯ত প্ৰাণ গ’ল ৭ মাহৰ অন্তঃসত্ত্বা শিক্ষয়িত্ৰীৰ, হাস্পতালত স্বামী-শাহু-শহুৰ