সেনা-আৰক্ষীৰ অভিযানত অবৈধ মাৰণাস্ত্ৰ সহ ডকাইত গ্ৰেপ্তাৰ

April 4, 2022 0 By NEWS DESK

নিউজ ডেস্ক। গোলাঘাট জিলাত অবৈধ মাৰনাস্ত্ৰ সহ এজন যুৱক আটক।

জিলাখনৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চুকীয়াপথাৰ গাঁৱৰ পৰা দেওবাৰে আছাম ৰাইফলছ আৰু আৰক্ষীৰ যৌথ অভিযানত পিষ্টলসহ এজন যুৱকক আটক কৰা হয়।

আছাম ৰাইফলছ আৰু অসম আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত যুৱক জনক পিষ্টল সহিতে আটক কৰিবলৈ সক্ষম হয়।

যুৱকজনক উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং জয়াপথাৰ গাঁৱৰ নৱকান্ত বড়ো বুলি জানিব পৰা গৈছে।

ধৃত যুৱক জনৰ পৰা এটা 9এম.এম. পিষ্টল, ২ জাঁই সজীৱ গুলি আৰু এটা মবাইল হেণ্ডচেট জব্দ কৰা হয়।

আটকাধীন নৱকান্তৰ বিৰূদ্ধে কিছুদিন আগতে সৰুপথাৰ ইকৰাণীৰ পেট্ৰল পাম্পত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত থকাৰো অভিযোগ আছে ।

এই সম্পৰ্কে ৯১/২১ নম্বৰত পূৰ্বৰে পৰা এক গোচৰ ৰজু হৈ আছে।