সেনা-আৰক্ষীৰ অভিযানত অবৈধ মাৰণাস্ত্ৰসহ আটক তিনি যুৱক…

July 23, 2021 0 By Biraj Kalita

সেনা-আৰক্ষীৰ অভিযানত অবৈধ মাৰণাস্ত্ৰসহ আটক তিনি যুৱক।

তিনিচুকীয়াৰ বৰগুৰি-গুইজান বাইপাছ চাৰিআলিত তিনিচুকীয়া আৰক্ষী আৰু সেনাই চলোৱা যৌথ অভিযানত তিনিজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে।

ইয়াৰে দুজন যুৱকৰ পৰা সেনা-আৰক্ষীৰ দলটোৱে এটা ৭.৬২ পিষ্টলসহ ১ টা মেগজিন আৰু ৩ ৰাউণ্ড সক্ৰিয় গুলী জব্দ কৰে৷

প্ৰথম অৱস্থাত আটক হোৱা যু্ৱক দুজন ক্ৰমে তিনিচুকীয়াৰ লাল বাংলাৰ মাজিদ খান আৰু চন্দন শ্বাহ।

উক্ত যুৱক দুজনক আটক কৰি জেৰা কৰাৰ পাছত মহখুলীৰ পৰা কুন্দন কুৰ্মী নামৰ আন এজন যুৱকক আটক কৰে আৰক্ষীয়ে।

তিনিচুকীয়া সদৰ আৰক্ষীয়ে জনোৱা অনুসৰি মাজিদ খানৰ বাবে চন্দন শ্বাহে বিহাৰৰ মোজাফৰপুৰৰ পৰা ৩০ হাজাৰ টকাৰ বিনিময়ত ক্ৰয় কৰি আনিছিল পিষ্টলটো।

পিছত চন্দন শ্বাহে মাজিদ খানৰ গেৰেজত কৰ্মৰত কুন্দন কুৰ্মীক দিছিল পিষ্টলটো৷

সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।