সেনা-আৰক্ষীৰ বৰ্বৰতাত মৃত্যু হোৱা জয়ন্ত বৰাৰ মাতৃ লীলা বৰাৰ আকস্মিক মৃত্যু…

June 16, 2021 0 By Biraj Kalita

এবছৰৰ পূৰ্বে সেনা-আৰক্ষীৰ হাতত ৰহস্যজনকভাবে মৃত্যু হোৱা জয়ন্ত বৰাৰ মাতৃ লীলা বৰাৰ আৰস্কিম মৃত্যু।

বৰহোলাৰ বালিজান গাভৰু আলিৰ জয়ন্ত বৰাৰ মাতৃৰ মঙলবাৰে পুত্ৰৰ হত্যাৰ শোকত স্বাস্থ্য অৱনতি ঘটাত আজি চিকিৎসালয়ত পুৱা মৃত্যু হয়।

মঙলবাৰে জয়ন্ত বৰাৰ প্ৰথম মৃত্যু বাৰ্ষিকী হিচাপে যোৰহাট জিলাৰ বালিজানৰ বাসগৃহত অনুষ্ঠিত হৈছিল ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু প্ৰতিবাদী সভা।

উক্ত সভাত নৱগঠিত চৰকাৰক পুত্ৰৰ ন্যায় দাবী উত্থাপন কৰিছিল মাতৃ লীলা বৰাই।

ত্ৰৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে বিয়লি তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ততাতৈয়াকৈ গোলাঘাটৰ এখন ব্যক্তিগত চিকিৎসায়লত ভৰ্তি কৰাই।

শ্বাহ প্ৰশ্বাস কষ্ট পোৱাত আই চি ইউত ভৰ্তি কৰাই অক্সিজেন দিয়ে যদিও বুধবাৰে পুৱা ৪:৪০বজাত তেখেতৰ মৃত্যু হয়।

উল্লেখযোগ্য যে ২০২০ চনৰ ১৫ জুনৰ নিশা ভাৰতীয় সেনা, তিতাবৰ এছ ডি পি অ অমিত হোজাই , বৰহোলা থানাৰ অ’চি মিণ্টু সন্দিকৈ আৰু বেকাজান আৰক্ষী চকীৰ আই চি গোপাল দলেৰ নেতৃত্বত অহা সেনা আৰক্ষী দলে মাজ নিশা শোৱাপাটিৰ উঠাই নিয়াৰ পিছত জয়ন্ত বৰাৰ মৃত্যু হৈছিল।