সেনা-আৰক্ষীৰ যৌথ অভিযানত আটক আলফা স্বাধীনৰ লিংকমেন…

January 5, 2022 0 By NEWS DESK

সেনা-আৰক্ষীৰ যৌথ অভিযানত আটক আলফা স্বাধীনৰ লিংকমেন।

ভাৰতীয় সেনা বাহিনীয়ে অসম আৰক্ষীৰ সহযোগত ডিগবৈৰ পৰা আলফা স্বাধীনৰ লিংকমেনজনক আটক কৰিবলৈ সক্ষম হৈছে।

সেনাই আটকাধীন লিংকমেনজনক ডিগবৈ থানাত গতাই দিয়া বুলি জানিব দিয়ে।

আটকাধীন লিংকমেনজনৰ নাম অসীম বৰবৰুৱা আৰু তেওঁ মাৰ্ঘেৰিটাৰ চেগুনবাৰী নিবাসী।

ডিগবৈ আৰক্ষী আৰু ভাৰতীয় সেনাৰ ১৮ নং গাৰোৱাল ৰাইফলছৰ যৌথ অভিযানত আলফাৰ লিংকমেনজনক আটক কৰে ডিগবৈ পেঙেৰী পথৰ পাণবাৰীত।

আটকাধীন লিংকমেনজনৰ পৰা এটা মোবাইল ফোনসহ নগদ ১২ হাজাৰ টকা জব্দ কৰা হয়।

অধিক তথ্য সংগ্ৰহৰ বাবে লিংকমেন অসীম বৰবৰুৱাক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।