সোণাই নৈ ত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী ২৩ বছৰীয়া যুৱ শিক্ষক…
June 24, 2021এক শোকাৱহ ঘটনা।
মৰিগাঁৱৰ সোণাই নৈ ত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী ২৩ বছৰীয়া যুৱ শিক্ষক।
নৈ খনত সন্ধানহীনহোৱা শিক্ষক গৰাকীৰ মৰিগাঁও চৰাইবাৰী গাঁৱৰ নিলম নাথ বুলি জানিব পৰা গৈছে৷
নিলম নাথ মৰিগাঁৱৰ ‘ৰাধাকৃষ্ণণ ইংলিছ একাডেমি’ৰ শিক্ষক৷
বুধবাৰে আবেলি যুৱ শিক্ষকগৰাকীয়ে ছয়জন বন্ধুৰ সৈতে সোণাই নৈত গা ধুবলৈ গৈছিল৷
কিন্তু গা ধুবলৈ সোণাই নৈত নামোতেই নৈ খনৰ সোঁতে উটুৱাই নিয়ে নিলম নাথক৷
লগে লগে একেলগে গা ধুবলৈ যোৱা বন্ধুকেইজনে বিচাৰ খোচাৰ কৰে যদিও কোনো সন্ধান লাভ নকৰিলে নিলম নাথৰ৷ এই খবৰটো আৰক্ষী (police)ৰ লগতে SDRF ক অৱগত কৰে বন্ধু কেইজনে।
সম্প্ৰতি SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে।