সোণাৰি শালকাঠনী চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ…
May 28, 2021সোণাৰি শালকাঠনী চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ৷
বন বিভাগে পিঞ্জৰাবদ্ধ কৰিলে নাহৰফুটুকীটো।
উল্লেখ্য যে নাহৰফুটুকীটোৱে বুধবাৰে বাগিচাখনৰ চাহ গছত সাৰ দি থকা অৱস্থাত দুগৰাকী শ্ৰমিকক আক্ৰমণ কৰিছিল৷
এই ঘটনাৰ পাছতেই বৃহস্পতিবাৰে বন বিভাগে উক্ত স্থানতে পিঞ্জৰা স্থাপন কৰাত আজি পুৱাই পিঞ্জৰাৱদ্ধ হয় নাহৰফুটুকীটো৷
ইফালে পুৱাই ক’ৰণা মহামাৰীৰ ভয়াৱহতালৈও ভ্ৰূক্ষেপ নকৰি বাঘ চাবলৈ ভিৰ কৰিলেহি বাগিচাৰ একাংশ ৰাইজ।