সোণ কেলেংকাৰীঃ আৰক্ষীৰ জালত SI বদ্ৰী প্ৰসাদৰ সহযোগী কনিষ্টবল সৰস্বতী হাচনু…

June 30, 2021 0 By Biraj Kalita

গুৱাহাটী মহানগৰীৰ সোণ কেলেংকাৰীৰ নতুন মোৰ।

আৰক্ষীৰ জালত SI বদ্ৰী প্ৰসাদ বাৰুৱাতীৰ সহযোগী কনিষ্টবল সৰস্বতী হাচনু।

দীৰ্ঘদিনে বদ্ৰীৰ সকলো কাম কাজ কৰি যোৱাৰ অভিযোগ কনিষ্টবল সৰস্বতিৰ বিৰুদ্ধে।

ডিফুৰ হৰিলাল বস্তিত বদ্ৰীয়ে সাজি দিছিল এটা ঘৰ। যিটো ঘৰত বদ্ৰিয়ে সোন ৰূপ লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছে।

অৱশেষত আৰক্ষীৰ জালত পৰিল কনিষ্টবল সৰস্বতীও।

উল্লেখ্য যে, ১৫ জুনত গুৱাহাটী মহানগৰীত সোণৰ বিস্কুট, মুদ্ৰা, আৰু চেইন সহ আটক কৰিছিল দুজন লোকক।

জব্দ হোৱা ৫০ লাখ টকাৰ অধিক মূল্যৰ চোৰাং সোণৰ সৈতে জড়িত থকাৰ অভিযোগত আটক কৰা হৈছিল আৰক্ষীৰ উপ-পৰিদৰ্শক বদ্ৰীপ্ৰসাদক।