সোণ-ৰূপৰ অলংকাৰ পৰিষ্কাৰৰ নামত প্ৰৱঞ্চনা, বিহাৰৰ লোক দুজনক আটক
November 14, 2021সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত পাকা বেতবাৰী ব্লকৰ অন্তৰ্গত পাকা বেতবাৰী পামত বিহাৰৰ পৰা অহা সোণ-ৰূপৰ অলংকাৰ পৰিষ্কাৰ কৰিবলৈ অহা দুজন লোকক স্থানীয় ৰাইজে আটক কৰে।
জানিব পৰা মতে, এদিন পূৰ্বে সমীপৱৰ্তী আন এখন গাঁৱত তেওঁলোকে পৰিষ্কাৰ কৰিছিল।
বিশেষ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি সোণ-ৰূপৰ অলংকাৰ চকচকীয়া কৰি তুলিছিল যদিও ওজন হ্ৰাস পাইছল অলংকাৰৰ।
ভুক্তভােগীসকলে সেই অলংকাৰখিনি ওজন কৰি চোৱাত বহু পৰিমাণৰ ওজন হ্ৰাস পোৱা কথাটাে স্পষ্ট হৈ পৰে।
ইপিনে, শনিবাৰে তেওঁলোকক পাকা বেতবাৰী অঞ্চলত আটক কৰি বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে।
অৱশ্যে স্থানীয় লোকসকলে পৰৱৰ্তী সময়ত এই গাঁওখনত যাতে নাহে তাৰ বাবে সকিয়াই পঠিয়াই দিয়ে।