সোমবাৰে বেলশৰত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত সম্পন্ন হ’ব ডাঃ ভূমিধৰ বৰ্মনৰ

April 18, 2021 0 By Biraj Kalita

প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ দেহাৱসান।

দিছপুৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

যোৱা কেইবাদিনো ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ভূমিধৰ বৰ্মন।

ৰাজ্যৰ প্ৰবীণ ৰাজনীতিবিদ ভূমিধৰ বৰ্মনৰ শেষকৃত সোমবাৰে সম্পন্ন কৰা হ’ব।

তেওঁৰ জন্মস্থান বেলশৰত ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় দিয়া হ’ব জ্যেষ্ঠ নেতাগৰাকীক।

 বেলশৰতে শেহতীয়াকৈ সময় কটাইছিল ডাঃ বৰ্মনে। গাঁৱৰ সেই ঘৰত শেষ বয়সলৈকে খেতি বাতি কৰিও সক্ৰিয় হৈ আছিল তেওঁ।

১৯৯৬চনৰ ২২ এপ্ৰিলৰ পৰা ১৯৯৬চনৰ ১৪ মে’লৈকে অসমৰ মুখ্যমন্ত্ৰীৰ আসনতো অধিস্থিত হৈছিল তেওঁ।

অসম বিধানসভালৈ ৭ বাৰকৈ নিৰ্বাচিত হোৱা ডাঃ বৰ্মনে প্রথম ১৯৬৭চনত অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।

অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰূপেও ১৯৮৫চনৰ পৰা ১৯৮৬চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল ডাঃ বৰ্মনে।

১৯৯৭চনত তেওঁ প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতিৰ দায়িত্বও লাভ কৰিছিল।