স্কুললৈ যােৱা ১২ বছৰীয়া ছাত্ৰী সন্ধানহীন, পৰিয়ালত হাহাকাৰ

October 30, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিগুৰি আৰক্ষী চকীত কালামপুৰ গাঁৱৰ চামচুল হকৰ ১২ বছৰীয়া কন্যা নবীৰণ নেচা নিৰুদ্দেশ হয়।

উল্লেখযোগ্য যে যোৱা ২৫ অক্টোবৰত ছাত্ৰীজনী নিজ ঘৰৰ পৰা স্কুললৈ গৈ আজিলৈকে ঘৰলৈ উভতি অহা নাই। যাক লৈ অঞ্চলজুৰি এক চাঞ্চল্যৰ সৃষ্টি হৈছে।

আত্মীয়-স্বজন সকলো ঠাইতে বিচাৰ-খোচাৰ কৰি কোনো সম্ভেদ নাপায় অৱশেষ ২৬ তাৰিখে কিশোৰীগৰাকীৰ পিতৃ চামচুল হকে বালিগুৰি আৰক্ষী চকীত নিৰুদ্দেশ সম্পৰ্কে এখন এজাহাৰ দাখিল কৰে।

কোনো হৃদয়বান লোকে কিশোৰগৰাকীৰ কোনো সম্ভেদ পালে কলগাছিয়া আৰক্ষী থানা বা বালিগুৰি আৰক্ষী চকীত যোগাযোগ কৰিবলৈ পিতৃয়ে কাঁতৰ অনুৰোধ জনাইছে।