স্কুলৰ কোঠালিত চিপ লৈ আত্মহত্যা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ উৎপলৰ…

June 26, 2021 0 By Biraj Kalita

এক শোকাৱহ ঘটনা!

স্কুলৰ কোঠালিত চিপ লৈ আত্মহত্যা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ এগৰাকী ছাত্ৰৰ।

নাৰায়ণপুৰত ভোলাবৰি উদয়পুৰৰ স্বৰ্গীয় মধু দাসৰ পুত্ৰ উৎপল দাস নামৰ ১৬ বছৰীয়া কিশোৰ গৰাকীৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটো চাঞ্চল্যৰ সৃষ্টি কৰিছে

উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল উৎপল দাস।

ইফালে এই ঘটনা জানিব পাৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলত আৰক্ষীৰ লোক আহি তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়।