স্কৰপিঅ’ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ, থিতাতে মৃত্যু যুৱকৰ
October 16, 2021নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। স্কৰ্পিঅ’ বাহনৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষত বাইক আৰােহী যুৱকৰ কৰুণ মৃত্যু।
গােৱালপাৰা জিলাৰ দুধনৈ আমজোঙাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।
এখন এ এছ ০১এ এ ৩৩১২ নম্বৰৰ স্ক’ৰপিঅ’ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই পথ দুৰ্ঘটনাটো সংঘটিত হয়। ফলত ঘটনাস্থলীতে মৃত্যু হয় এজন যুৱকৰ।
জানিব পৰা মতে, দুধনৈ থানাৰ অন্তৰ্গত আমজোঙাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।
নিহত যুৱকজন দৰংগিৰিৰ বিতু কোঁৱৰ বুলি জানিব পৰা গৈছে।