স্ক’ৰপিঅ’-স্কুটীৰ মাজত সংঘৰ্ষ, কথমপি প্ৰাণ ৰক্ষা স্কুটী আৰোহী

August 7, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কামৰূপ জিলাৰ হাজোৰ নতুন বজাৰৰ সমীপত এক পথ দুৰ্ঘটনা কথমপি প্ৰাণ ৰক্ষা স্কুটী আৰোহীৰ।

এখন স্ক’ৰপিঅ’ বাহন আৰু এখন স্কুটীৰ মাজত সংঘৰ্ষ।

সৌভাগ্যক্ৰমে দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ বাবে হাজো-গুৱাহাটী ঘাইপথত যান-জঁটৰ সৃষ্টি হয়।

অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত যান-জঁট নিয়ন্ত্ৰণ কৰা হয়।

উল্লেখ্য যে উক্ত দুৰ্ঘটনাটোৰ ফলত দুয়োখন বাহনৰে কিছু ক্ষয় ক্ষতি হয়।