স্বামীৰ ঘৰৰ পৰাই নিশা ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট মহিলা, তীব্ৰ চাঞ্চল্য

April 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। তিনিচুকীয়া জিলাৰ ডিগবৈ ১নং পানবাৰীৰ নিবাসী পবিত্ৰ চেতিয়াৰ পত্নী নমিতা চেতিয়া যোৱা ৩০ মাৰ্চ মঙ্গলবাৰে নিজ স্বামী গৃহৰ পৰাই নিশা প্ৰায় ৮.৩০ মান বজাত নিৰুদ্দেশ হৈ পৰা ঘটনাক লৈ অঞ্চলটােত চাঞ্চল্যই বিৰাজ কৰিছে।

পৰিয়ালৰ লোকে নিশাই বহু সময় ধৰি সম্পৰ্কীয় লােকৰ লগতে সমীপৱৰ্তী অঞ্চলত সন্ধান বিচাৰি খবৰ লৈ যদিও নমিতাৰ কোনো সন্ধান নোপোৱাৰ পাছত পুৱাৰ ভাগত পথাৰৰ মাজত নমিতাৰ এখন বস্ত্ৰ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাত ঘৰৰ পিছফালৰ পৰাই নমিতাৰ নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

নমিতাৰ স্বামীয়ে সমগ্ৰ নিৰুদেশৰ ঘটনাক লৈ ডিগবৈৰ আৰক্ষী থানাত এখন এজেহাৰ দাখিল কৰিছে । এনেদৰে নমিতাৰ হঠাৎ নিৰুদেশ হোৱা কাৰ্যত এতিয়া শোকত ভাগি পৰিছে পৰিয়ালৰ লোক।

মহিলাগৰাকী কোনো দুষ্ট চক্ৰৰ কবলত পৰাৰ সন্দেহ পৰিয়ালবৰ্গৰ।

কোনো ব্যক্তিয়ে নমিতা চেতিয়াৰ সন্ধান পালে 76380-67688 নম্বৰত যোগাযোগ কৰিবলৈ নাইবা আৰক্ষীক খবৰ দিবলৈ আহ্বান জনাইছে পৰিয়ালবৰ্গই।

লগতে চাওকঃ

এইবাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ন্যায়ধীশ!

পূৰ্ব নিৰ্ধাৰিত বিবাহৰ বাবে অমান্তি হােৱাত বাগদত্তাৰ ঘৰত ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে এজন আৰক্ষী জােৱানে!