স্ব-গৃহত উপস্থিত হৈ মাতৃক সাৱটি ধৰি আৱেগিক হৈ পৰিল অখিল গগৈ…
June 26, 2021শনিবাৰে চেলেংহাটৰ স্ব-গৃহত উপস্থিত হয় অখিল গগৈ।
শুক্ৰবাৰে নিশা গুৱাহাটীত পত্নী-পুত্ৰৰ সৈতে সময় কটোৱাৰ পিছত শনিবাৰে মাতৃ প্ৰিয়দা গগৈৰ কাষত উপস্থিত হয় অখিল গগৈ।
ফুলাম গামোচা পিন্ধাই গাঁৱবাসীয়ে মৰমেৰে আদৰি নিলে শিৱসাগৰৰ সমষ্টিৰ বিধায়কগৰাকীক।
যোৰহাটৰ চেলেংহাটৰ বাসগৃহত যেন এক আনন্দমুখৰ পৰিৱেশ।
স্ব-গৃহত উপস্থিত হৈয়ে মাতৃ প্ৰিয়দা গগৈক সাৱটি ধৰিলে কৃষক নেতা অখিল গগৈয়ে। ৰোমন্থন কৰিলে পুৰণি দিনৰ স্মৃতি।
আনহাতে, বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত এনেদৰে প্ৰথমবাৰৰ বাবে আপোন ঘৰখনত উপস্থিত হৈছে অখিল গগৈ।
ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, ৰূপজ্যোতিয়ে ভুল সিদ্ধান্ত লৈছে।
উল্লেখ্য যে, অখিল গগৈয়ে মাতৃ আৰু পুত্ৰক সাক্ষাৎ কৰাৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ আদালতে অখিল গগৈক দুদিনৰ বাবে মুকলি কৰি দিছিল।