সৰুক্ষেত্ৰী সমষ্টিৰ পৰা অগপ দলৰ প্ৰাৰ্থী হ’ব কল্পনা পাটােৱাৰী!

January 30, 2021 0 By Dighanta Kumar

নিউজ ডেস্ক। সমাগত বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ হৈ সৰুক্ষেত্ৰী সমষ্টিৰ পৰা প্ৰাৰ্থী হ’ব বিশিষ্ট লােকগীত শিল্পী কল্পনা পাটােৱাৰী।

ইতিমধ্যে সৰুক্ষেত্ৰী সমষ্টিৰ ৰাইজৰ মাজত সােমাই নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে নেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে এখন দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সৰুক্ষেত্ৰী সমষ্টিৰ মাজদিয়াত উপস্থিত হোৱা অগপ নেত্ৰীগৰাকীক উষ্ম আদৰণি জনায় মাজদিয়াৰ ৰাইজে।

মাজদিয়াবাসীৰ মৰম-চেনেহত আপ্লুত হৈ ভৱিষ্যতে সৰুক্ষেত্ৰী সমষ্টিৰ জনতাৰ হকে সেৱা আগবঢ়াব পাৰিলে ধন্য হৈ ৰ’ম বুলি মন্তব্য কৰে কল্পনা পাটোৱাৰীয়ে ৷

পৰৱৰ্তী সময়ত নেত্ৰীগৰাকীয়ে অঞ্চলটোৰ জ্যেষ্ঠ, কনিষ্ঠ, সমাজৰ মুৰব্বীস্বৰূপ ব্যক্তিসকলৰ স’তে পৰিচয় হয় আৰু তেওঁ ভাষণ প্ৰসংগত অসম গণ পৰিষদ দলৰ হৈ নিৰ্বাচনত প্ৰতিদন্দ্বিতা আগবঢ়াৱ বুলি মন্তব্য কৰে ৷

পাটোৱাৰীয়ে কয়ঃ অসম গণ পৰিষদ দলত যোগদান কৰি নতুন প্ৰজন্মক লগত লৈ আঞ্চলিকতাবাদৰ ভেটি শক্তিশালী কৰি সোণৰ অসমখনক নতুনত্ব প্ৰদান কৰিব বিচাৰোঁ ৷