সৰ্বানন্দ সোণোৱালক আন এক গুৰু দায়িত্ব প্ৰদান প্ৰধানমন্ত্ৰী মোডীৰ…

July 13, 2021 0 By Biraj Kalita

সৰ্বানন্দ সোণোৱালক আন এক গুৰু দায়িত্ব প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

সোমবাৰে গঠন কৰা মোদী কেবিনেট কিমিটীত স্থান লাভ কৰে সোণোৱালে। 

মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটী CCPA ত অন্তৰ্ভূক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱালক।

সোণোৱালৰ উপৰিও এই কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে পৰিবেশ আৰু শ্ৰম মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, স্বাস্থ্য মন্ত্ৰী মন সুখ মাণ্ডব্য আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিঙক।

উল্লেখ্যে  যে, উত্তৰ পূবৰ আন এক দক্ষ মন্ত্ৰী কিৰণ ৰিজিজুকো এই কমিটীত অন্তৰ্ভূক্ত কৰা হৈছে।

ইয়াৰ উপৰিও তথ্য আৰু সম্প্ৰচাৰ, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা, সামাজিক ন্যায় সৱলীকৰণ মন্ত্ৰী বিৰেন্দ্ৰ কুমাৰক থাৱৰক এই কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে।

কিৰেণ ৰিজিজুক ৰবিশংকৰ প্ৰসাদৰ স্থানত, অনুৰাগ ঠাকুৰক প্ৰকাশ জাভড়েকাৰৰ স্থানত আৰু বিৰেন্দ্ৰ কুমাৰক থাৱৰক চান্দ গেহলোটৰ ঠাইত এই কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে।