সৰ্বানন্দ সোণোৱাললৈ বন্দৰ, জাহাজ, জল পৰিবহন আৰু আয়ুষ মন্ত্ৰ্যালয়ৰ দায়িত্ব…
July 8, 2021মোডী নতুন মন্ত্ৰীসভাৰ কেবিনেট আৰু ৰাজ্যিক মন্ত্ৰীক দিয়া হ’ল দায়িত্ব।
সৰ্বানন্দ সোণোৱালক একাধিক মন্ত্ৰণালয়ৰ দায়িত্ব প্ৰদান।
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ বন্দৰ, জাহাজ, জল পৰিবহন আৰু আয়ুষ মন্ত্ৰ্যালয়ৰ দায়িত্ব।
বহু প্ৰতিক্ষীত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটৰ বুধবাৰে সম্প্ৰসাৰণ কৰা হয়।
মোদীৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাত কেইবাজনো ন-পুৰণি নেতাই শপত লয়।
সোণোৱালৰ উপৰি মোদীৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান পোৱা উত্তৰ-পূবৰ আন মুখবোৰ হৈছে ত্ৰিপুৰা পশ্চিমৰ সাংসদ প্ৰতিমা ভৌমিক আৰু মণিপুৰৰ সাংসদ ৰাজকুমাৰ ৰঞ্জন সিং (ৰাজ্যিক মন্ত্ৰী)।
লগতে অসমৰ ৰামেশ্বৰ তেলীক পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, আৰু শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ত (ৰাজ্যিক মন্ত্ৰী) হিচাপে দায়িত্ব প্ৰদান কৰিছে।