হত্যাকাৰীক কৰায়ত্ত কৰাত ব্যৰ্থ নাগালেণ্ডৰ নেইফিউ ৰিঅ’ৰ চৰকাৰ, ক্ষুব্ধ জনতাই জ্বলাই দিলে উপায়ুক্তৰ বাহন…

April 17, 2021 0 By Biraj Kalita

২২ মাৰ্চত নাগালেণ্ডৰ পেৰেন জিলাত সীমা কেন্দ্ৰীক বিবাদৰ বাবে কোনো অজ্ঞাত দুস্কৃতিকাৰীয়ে লামিনাডী গাঁৱৰ তিনিজন লোকক গুলীয়াই হত্যা কৰিছিল।

উক্ত লোমহৰ্ষক হত্যাকাণ্ডক লৈ এতিয়াও উত্তপ্ত হৈ আছে পৰিস্থিতি।

হত্যাকাণ্ডত জৰিত দোষীক গ্ৰেপ্তাৰ কৰাত চূড়ান্তভাৱে ব্যৰ্থ নেইফিউ ৰিঅ’ৱে চৰকাৰ।

যাৰ প্ৰতিবাদত ইউনাইটেড জেলিয়াঙৰংগ য়ুথ ফেডাৰেচন আহ্বান জনাই অনিৰ্দিষ্টকালীন পেৰেন জিলা বন্ধ।

বন্ধৰ সময়ত ব্যাপক হিংসাত্মক কাৰ্য সংঘটিত হয়।

উল্লেখ্য যে, বন্ধ চলি থকাৰ মাজতে প্ৰতিবাদকাৰী নিয়ন্ত্ৰণ কৰিবলৈ উপস্থিত হৈছিল অতিৰিক্ত উপায়ুক্ত গৰাকী।

উন্মত্ত প্ৰতিবাদী জনতাই জ্বলাই দিয়ে পেৰেন জিলাৰ অতিৰিক্ত উপায়ুক্তৰ এখন বাহন।

প্ৰথমে শ শ প্ৰতিবাদকাৰীয়ে পেৰেন জিলাৰ অতিৰিক্ত উপায়ুক্তৰ গাড়ীত আক্ৰমণ কৰি পথৰ ওপৰত বগৰাই দিয়ে।

তাৰ পাছতে একাংশ উন্মত্ত জনতাই বাহনখন অগ্নি সংযোগ কৰে।

সম্প্ৰতি জিলাখনত ১৪৪ ধাৰা বলৱৎ কৰি নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে।