হস্তনিৰ্মিত পিষ্টলসহ কুখ্যাত ডকাইত গ্ৰেপ্তাৰ
September 9, 2021অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে বিগত দিনসমূহত ধাৰাবাহিক সফল অভিযান চলাই আহিছে।
এইবাৰ নগাঁও আৰক্ষীয়ে জিলাখনৰ কেন্দুগুৰিত অভিযান চলাই পিষ্টলসহ এজন কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে দুপৰ নিশা এক বিশেষ সূত্ৰৰ পম খেদি নগাঁও হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাশ নেৱাৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে কেন্দুগুৰিৰ পৰা আছাদুল হক (২৭) নামৰ ডকাইতজনক গ্ৰেপ্তাৰ কৰে।
In a quick Operation, IC Haibergaon OP, SI Kailash Newar Arrested Md Ashadul Islam of Kenduguri & recovered 1 handmade pistol with a live ammunition. Ashadul is a History sheeter having involvement in Highway Dacoity and robberies.@assampolice @DGPAssamPolice @CMOfficeAssam pic.twitter.com/bEC5eyWoSI
— Nagaon Police (@nagaonpolice) September 7, 2021
ধৃত ডকাইতজনৰ পৰা আৰক্ষীয়ে এটা হস্তনিৰ্মিত পিষ্টলসহ সক্ৰিয় গুলি উদ্ধাৰ কৰে।
আৰক্ষী সূত্ৰে জানিব পৰা মতে, ধৃত আছাদুল হক পূৰ্বে বিভিন্ন ডকাইতিৰ ঘটনাৰ লগত জড়িত আছিল। আটকাধীন আছাদুলক ইতিমধ্যে জে’ললৈ প্ৰেৰণ কৰিছে।