হাউছফেডৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ ভবেশ কলিতাৰ

October 12, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই হাউছফেডৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে।

প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক কলিতাক যোৱা ৮ অক্টোবৰত হাউচ ফেডৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছিল ৰাজ্য চৰকাৰে।

দায়িত্বভাৰ গ্ৰহণৰ মুহূৰ্তত বিভাগীয় বিষয়া-কৰ্মচাৰীসকলে নৱ নিযুক্ত অধ্যক্ষগৰাকীক ফুলাম গামােচা তথা জাপিৰে উষ্ম আদৰণি জনায়।

পূৰ্বৰ সোণোৱাল চৰকাৰৰ কাৰ্যকালত হাউছফেডৰ অধ্যক্ষৰ দায়িত্বত আছিল বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিত দাস।

সম্প্ৰতি পদ লাভ কৰাত অধ্যক্ষ পদটো খালী হৈ আছিল।