হাজো, দীঘলীপুখুৰীৰ পিছত এইবাৰ ধাৰাপুৰ, এটা পুখুৰীত শ শ মাছৰ আকস্মিক মৃত্যু…
July 10, 2021প্ৰথমে হাজো, তাৰপাছত দীঘলী পুখুৰী আৰু এইবাৰ ধাৰাপুৰ।
আনন্দ কলিতা নামৰ এজন লোকৰ পুখুৰীত শ শ মাছৰ আকস্মিক মৃত্যু।
ধাৰাপুৰৰ আনন্দ কলিতা নামৰ এজন লোকৰ প্ৰায় ডেৰ বিঘাৰ এটি পুখুৰীত মাছ পুহিছিল। সময়মতে পুখুৰী পৰিষ্কাৰ কৰাৰ লগতে মাছৰ খাদ্যও যোগান ধৰিছিল।
কিন্তু আনন্দ কলিতাৰ এই পুখুৰীটোত হঠাৎ প্ৰায় তিনি কুইণ্টল পোহনীয়া মাছৰ মৃত্যু ঘটে।
প্ৰায় ডেৰ কিলোগ্ৰামৰ পৰা তিনি কিলোগ্ৰাম ওজনৰ শ শ মাছৰ মৃত্যু হয়।
হঠাৎ কিয় এইদৰে মাছৰ মৃত্যু হৈছে তাৰ কাৰণ জানিব পৰা হোৱা নাই।
একাংশ মাছ পালন কৰা লোকে সন্দেহ কৰে যে কোনো দুৰ্বৃত্তই পুখুৰীৰ পানীত বিহ মিহলাই দিয়াৰ ফলতে মৃত্যু হৈছে মাছৰ।