হাটশিঙিমাৰীত‌ বাংলাদেশী যুৱক গ্ৰেপ্তাৰ…

May 23, 2021 0 By Biraj Kalita

হাটশিঙিমাৰীত বাংলাদেশী যুৱক গ্ৰেপ্তাৰ।

বাংলাদেশ-ভাৰত সীমান্তত ফুৰিবলৈ অহাত দুৰ্বৃত্তই নগদ ধন, মোবাইল লুটি নিয়ে, চোকা অস্ত্ৰৰে হত্যা কৰিবলৈ ধৰাত পলাই ভাৰতত প্ৰৱেশ কৰাৰ দাবী ধৃত যুৱকজনৰ।

যুৱকজনৰ নাম নিৰঞ্জন কুমাৰ ঘোষ।

যুৱকজনে জানিবলৈ দিয়া অনুসৰি- চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ জামালপূৰ জিলাৰ অন্তৰ্গত মাদাৰগঞ্জ থানা এলেকাৰ গাঁৱৰগ্ৰাম ঘোষপাৰা গাঁৱৰ চিৰঞ্জীত ঘোষৰ ২৪ বছৰীয়া পুত্ৰ নিৰঞ্জন কুমাৰ ঘোষ যোৱা তিনি দিন পূৰ্বে ঘৰৰ পৰা বাংলাদেশ-ভাৰত সীমান্তবৰ্তী এলেকাত থকা পাহাৰীয়া এলেকাত ফুৰিবলৈ আহে।

হাতত ১৭০০ টকা আৰু মোবাইল ফোন এটা লৈ ঘূৰা-ফুৰা কৰি থকা অৱস্থাত নিশাৰ ভাগত চাৰিজনীয়া দুৰ্বৃত্তৰ দল এটা যুৱক জনৰ পৰা নগদ ধন খিনিৰ লগতে মোবাইল ফোন লুটি নি চোকা অস্ত্ৰৰে হত্যা কৰিবলৈ চেষ্টা কৰে।

ফলত যুৱক জন উপায়ন্তৰ হৈ আন্তৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰি নিজৰ প্ৰাণ ৰক্ষা কৰে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ মাজেৰে যুৱক জন কোনোমতে ভাৰতত প্ৰৱেশ কৰে।

ইয়াৰ পাছতেই একাংশ লোকক সোধা পোছা কৰি মেঘালয়ৰ পৰা যোৱা নিশা যুৱক জন মানকাচৰৰ ঘোষপাৰাত উপস্থিত হয়।

মানকাচৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বাংলাদেশী যুৱক জনক আটক কৰি মাৰাথন জেৰা চলায় যদিও কি কাৰণত যুৱক জন ভাৰতত প্ৰৱেশ কৰিলে সেয়া এতিয়ালৈ আৰক্ষীয়ে নিশ্চিত হব পৰা নাই।

আন্তৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰাৰ অপৰাধত আৰক্ষীয়ে ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰায় জানিবলৈ দিয়ে।