হাড়গিলাৰ বিচৰণভূমিত বোমা-ফটকা নুফুটাবঃ আৰক্ষী অধীক্ষক

November 11, 2020 0 By NEWS DESK

নিউজ ডেস্ক। ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিত দীনান্বিতাৰ সময়ত আতচবাজীৰ ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰীভাৱে কিছু নিৰ্দেশনা জাৰি কৰা হৈছে।

মানুহৰ স্বাস্থ্যৰ প্ৰতি লগতে জীৱ-জন্তুৰ ওপৰত উচ্চ স্বৰৰ আতচবাজী ব্যৱহাৰৰ কুপ্ৰভাৱৰ প্ৰতি লক্ষ্য কৰি এনে আতচবাজীৰ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে বিভিন্ন প্ৰকৃতিপ্ৰেমী দল-সংগঠনেও।

ইপিনে, অনুৰূপ ধৰণে ৰাইজলৈ আহ্বান জনাইছে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থসৰথি মহন্তই।

বিষয়াগৰাকীয়ে পৃথিৱীৰ দুষ্প্ৰাপ্য পক্ষী হাড়গিলাৰ বিচৰণভূমি দদৰা পছৰীয়া অঞ্চলত দীপাৱলীৰ দিনা বোমা, ফটকা আজি ব্যৱহাৰ নকৰিবলৈ স্থানীয় ৰাইজক আহ্বান জনাইছে।

হাড়গিলা

দদৰাত উপস্থিত হৈ আৰক্ষী অধীক্ষকগৰাকীয়ে আতচবাজীৰ ফলত হাড়গিলাসমূহৰ অপকাৰ হােৱাৰ শংকাৰ প্ৰতি লক্ষ্য কৰিয়েই এই আহ্বান জনাইছে।

ফাইল ফটাে

উল্লেখ্য যে এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে তেওঁ দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলক ফটকা আৰু বোমা আদি নুফুটাবলৈ আহ্বান জনায়।

তেওঁ অঞ্চলটোৰ ৰাজপথত সমদল উলিয়াই নিজে মাইক ব্যৱহাৰ কৰি এইক্ষেত্ৰত ৰাইজক সজাগ কৰে।

ৰাজপথৰ সজাগতা সমদলত আৰক্ষী অধীক্ষকগৰাকীৰ লগত ড০ পূৰ্ণিমা দেৱী বৰ্মন, দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পৰেশ বৈশ্য, হাড়গিলা আৰ্মীৰ সদস্যসকলৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে হাড়গিলা আৰ্মীৰ সদস্য সকলেও এই সন্দৰ্ভত বিগত কিছুদিনৰ পৰা ৰাজহুৱা স্থানত মাইকৰ জৰিয়তে ৰাইজক সজাগ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।