হাতত মাৰণাস্ত্ৰ লৈ ছ’চিয়েল মিডিয়াত প’জ ছাত্ৰৰ, পৰিয়ালৰ মাজত হাহাকাৰ…

June 16, 2021 0 By Biraj Kalita

হাতত মাৰণাস্ত্ৰ লৈ ছ’চিয়েল মিডিয়াত প’জ দুই ছাত্ৰৰ।

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক সোনজান গাঁৱৰ দুজনকৈ যুৱকৰ হাতত মাৰণাস্ত্ৰ লৈ থকা ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে কাকপথাৰ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

সোনজানৰ অসীম মৰাণ(18) আৰু মুকুট মৰাণ(19) নামৰ ছাত্ৰ দুজনে লক ডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈ কামৰ সন্ধানত ওলাই গৈছিল৷

কিন্তু ঘৰৰ পৰা কৰ্মসূত্ৰে ওলাই যোৱাৰে পৰা ছাত্ৰ দুজনে পৰিয়ালৰ লগত কোনোধৰণৰ যোগসূত্ৰ নৰখাৰ কথা জানিবলৈ দিয়ে পৰিয়ালৰ লোকে৷

লগতে বৰ্তমান সামাজিক মাধ্যমত ছাত্ৰ দুজনে সেনাৰ পোছাক পৰিধান কৰি হাতত মাৰণাস্ত্ৰ লৈ থকা ফটো দেখিবলৈ পাই হতবাক হৈ পৰিছে পৰিয়ালৰ লোক৷ যুৱক দুজনে কেনেকৈ আৰু কেতিয়া সশস্ত্ৰ সংগঠনত যোগদান কৰিলে সেই বিষয়ে অৱগত নহয় পৰিয়ালবৰ্গ।

ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ অসীম মৰাণৰ লগতে আধাতে পঢ়া সামৰা মুকুট মৰাণক পৰিয়ালৰ ওচৰলৈ পঠিয়াই দিবলৈ কান্দি কান্দি আহ্বান জনায় ছাত্ৰ দুজনৰ মাতৃদ্বয়ে৷

লগতে যদি আলফা(স্বা)ত যোগদান কৰিছে, তেন্তে সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ছাত্ৰ দুজনক নিজ গৃহলৈ ওভতাই পঠিওৱাৰ কাতৰ আহ্বান জনাইছে পৰিয়ালৰপ লোকে।

লগতে চাওকঃ

জটিল অস্ত্ৰোপচাৰেৰে প্ৰসূতি সহ নৱজাতকৰ জীৱন ৰক্ষা কৰিলে সেনাৰ চিকিৎসকে