হাতী দাঁত সহ গ্ৰেপ্তাৰ চােৰাং চিকাৰী, কামুৰি ছিঙিলে অভিযানকাৰী SSB জোৱানৰ দুটা আঙুলি

October 23, 2021 0 By NEWS DESK

নিউজ ডেস্ক। চােৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই বিপদত পৰিল এজন সশস্ত্ৰ সীমা বল (SSB) ৰ জােৱান। অৱশ্যে দুটা বৃহৎ আকাৰৰ হাতী দাঁতসহ আটক কৰা হয় চােৰাং চিকাৰীটােক।

জানিব পৰা মতে, গােপন তথ্যৰ ভিত্তিত বি টি আৰৰ অন্তৰ্গত আমটেকাত শুকুৰবাৰে বন বিভাগ আৰু এছ এছ বিয়ে চিৰাঙৰ আমটেকাৰ শিমলুগুৰিৰ বাসিন্দা কিৰণ বৰগয়াৰীৰ ঘৰত অভিযান চলাইছিল।

এই অভিযানৰ সময়ত অভিযানকাৰী দলে দুটা হাতী দাঁত জব্দ কৰিবলৈ সক্ষম হয়।

অভিযান চলি থকাৰ সময়ত লােকজনে পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও অভিযানকাৰী দলটোৱে তেওঁক আবদ্ধ কৰিবলৈ সক্ষম হয়।

তেওঁক আবদ্ধ কৰাৰ লগে লগে অভিযানকাৰী দলটোৰ সৈতে হতাহতিত লিপ্ত হয় আৰু এজন এছ এছ বি জোৱানৰ হাতৰ দুটা আঙুলি কামুৰি ছিঙি পেলায়।

কিন্তু অভিযানকাৰী এছ এছ বি জোৱানজনে ৰক্তাক্ত অৱস্থাৰে চোৰাং ব্যৱসায়ীটোক আবদ্ধ কৰি ৰাখে।

পিছত অভিযানকাৰী দলটোৰ আন জোৱানসকলে চোৰাং ব্যৱসায়ীটোক আটক কৰিবলৈ সক্ষম হয়।

আহত এছ এছ বি জোৱানজনক বঙাইগাঁৱৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।