হাতী দাঁত সহ দুজনক আটক আৰক্ষীৰ

November 14, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত দিলাই আৰক্ষীৰ বৃহৎ সফলতা।

ৰবিবাৰে ৰাতিপুৱা প্ৰায় ৯.৩০ বজাতত আকস্মিকভাৱে বহুওৱা নাকা তালাচীত দুটা হাতীৰ দাঁতসহ দুজনক আটক কৰিবলৈ সক্ষম হয়।

দিলাই নাকা তালাচীত এখন এএছ ০২ এ চি৯৮৮৩ নম্বৰৰ বলেৰ’ পিক্আপৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই হাতীৰ দাঁত দুটা।

দিলাই আৰক্ষীয়ে সৰবৰাহৰ সৈতে জড়িত থকা দুজন লোককো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

আটকাধীন ব্যক্তি দুজন হোজাই যমুনামুখৰ মিন্টু কৰ্মকাৰ আৰু আনজন হৈছে যমুনামুখৰ বাৰজাৰী গাঁৱৰ শ্বাহজাহান আহমেদ বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল