হাস্পতালৰ পৰা পলায়ন কৰা দুৰ্ধৰ্ষ ডকাইতক ধৰি পুৰস্কৃত হ’ল দুই সুৰক্ষা কৰ্মী…

March 8, 2022 0 By Biraj Kalita

আৰক্ষীৰ চকুৰ ধূলি দি হাস্পতালৰ পৰা পলায়ন কৰা দুৰ্ধৰ্ষ ডকাইতক পুনৰ ধৰিলে হাস্পতালৰ সুৰক্ষা কৰ্মীয়ে।

আৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত নিয়োজিত সুৰক্ষা কৰ্মীয়ে।

এনে সাহসিকতাৰ বাবে জিলা আৰক্ষী অধীক্ষকে দুয়ােজনকে প্ৰদান কৰিলে নগদ ২৫-২৫ হাজাৰ টকা, জনালে সম্বৰ্ধনা।

উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ মৰাণৰ কাছমাৰীত যোৱা ২২ ফেব্ৰুৱাৰীত আৰক্ষীৰ সৈতে এনকাউণ্টাৰত আহত হোৱা দুৰ্ধর্ষ ডকাইত ভোটকো ওৰফে বিকাশ ওৰফে অৰুণ কুমী চিকিৎসাধীন হৈ আছিল অসম চিকিৎসা মহাবিদ্যালয়।

কিন্তু দেওবাৰে পৌৰসভা নিৰ্বাচনৰ মাজতে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল কুর্মীয়ে।

পাছত অসম চিকিৎসা মহাবিদ্যালয়ত নিয়োজিত সুৰক্ষা কৰ্মী সুনীল বাল্মীকি আৰু দিগন্ত দাসে আত্মগোপন কৰি থকা অৱস্থাত অৰুণ কুৰ্মীক কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে।

আজি দুয়োজন সুৰক্ষা কৰ্মীক অসম আৰক্ষীৰ তৰফৰপৰা এখনকৈ প্ৰশংসা-পত্ৰ আৰু নগদ ২৫ হাজাৰ টকাকৈ প্ৰদান কৰি কর্মদক্ষতা আৰু সাহসিকতাৰ বাবে সন্মান জনায়।

ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জিলাখনৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই দুয়োগৰাকীকে এই প্ৰদান কৰে