হিন্দুসকলৰাে উৎসৱ-পাৰ্বণ উদযাপনৰ অধিকাৰ আছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

November 10, 2020 0 By NEWS DESK

নিউজ ডেস্ক। এফালে বায়ু প্ৰদূষণ, আনফালে ক’ভিড-১৯।

এই পৰিপ্ৰেক্ষিততে দেশৰ অধিকাংশ ৰাজ্যতে দীপান্বিতাত আতচবাজীৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।

তেনে সময়তে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সােমবাৰে টুইট কৰি কয় যে অন্যান্য ধৰ্মৰ দৰেই হিন্দু সকলৰাে উৎসৱ-পাৰ্বণ উদযাপনৰ অধিকাৰ আছে।

তেওঁ লগতে কয় যে অসমত ক’ভিড-১৯ ৰ পৰিস্থিতি উন্নত হৈছে। সেয়ে আমি দীপান্বিতাৰ উদযাপনৰ ক্ষেত্ৰত আতচবাজীৰ লগতে আন কােনাে ধৰণৰ বাধ্য-বাধকতা ৰাখিব খােজা নাই।

উল্লেখ্য যে দীপান্বিতাত শব্দ-বায়ু প্ৰদূষণ সৃষ্টিকাৰী তথা ক’ভিড-১৯ৰ ৰােগীসকলৰ বাবে বিপজ্জনক আতচবাজী ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে।

UB photos

এই পৰিপ্ৰেক্ষিততে অসমতো ৰাজ্য চৰকাৰে আচতবাজীৰ ব্যৱহাৰৰ ক্ষেত্ৰত বহু চৰ্ত আৰােপ কৰিছে। তাৰ মাজতে স্বাস্থ্যমন্ত্ৰী এই টুইটে বিশেষ তাৎপৰ্য বহন কৰিছে।

অসম চৰকাৰে দীপান্বিতাৰ প্ৰাক মুহূৰ্তত আতচবাজী ব্যৱহাৰৰ ক্ষেত্ৰত পূৰ্বৰ নিৰ্দেশনা কিছু শিথিল কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।