হিমন্ত নেতৃত্বাধীন চৰকাৰৰ দুমাহ সম্পূৰ্ণঃ খিলঞ্জীয়াৰ বাবে নতুন বিভাগ গঠনৰ সিদ্ধান্ত চৰকাৰ…
July 10, 2021হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দুমাহ সম্পূৰ্ণ।
এই উপলক্ষ্যে আজি আহ্বান কৰা হৈছিল বিশেষ কেবিনেট।
কেবিনেটৰ পিছত সম্বোধন কৰা সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই বৈঠকত লোৱা সিদ্ধান্ত সমূহ সদৰী কৰি নতুন বিভাগটো গঠনৰ পৰিকল্পনা কৰা বুলি ঘোষণা কৰে।
জনজাতীয় লোকৰ বাবে এটা নতুন বিভাগৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে।
হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি খিলঞ্জীয়া ধৰ্মীয় পৰম্পৰা আৰু সংস্কৃতি বিভাগ নামেৰে এটা নতুন বিভাগ গঠন কৰা হ’ব অসমত।
আনহাতে প্ৰতি শুক্ৰবাৰে অনুষ্ঠিত হ’ব ষ্টেণ্ডিং ফাইনেন্স কমিটীৰ বৈঠক।
২ কোটিৰ তলৰ আঁচনিত বিভাগীয় মন্ত্ৰীক অনুমোদন জনোৱাৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে আজিৰ কেবিনেট বৈঠকত।
৫ ৰ পৰা ১০০ কোটি টকা পৰ্যন্ত কোনো আঁচনিত ষ্টেণ্ডিং কমিটীৰ অনুমোদনৰ কৰ্তৃত্ব।
আনহাতে কেবিনট বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই অহা ১৬ জুলাইত বিত্তমন্ত্ৰী অজন্তা নেওগক বাজেট দাখিলৰ আহ্বান জনায়।