হুণ্ডাই ক্ৰেটা বাহনে মহটিয়াই নিলে বাইক, থিতাতে নিহত আৰক্ষী জোৱান

October 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু এগৰাকী আৰক্ষী জােৱানৰ।

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বইটামাৰীত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।

জানিব পৰা মতে, বাইক আৰু হুণ্ডাই ক্ৰেটা বাহনৰ মাজত হোৱা সংঘৰ্ষত থিতাতে নিহত অভয়াপুৰীৰ দীপক দাস নামৰ এজন বাইক আৰোহী।

লগতে চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল

বইটামাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তৰ শালমাৰাৰ পৰা চাপৰ অভিমুখে মটৰৰ চাইকেলেৰে দীপক দাস নামৰ আৰক্ষী জোৱানজনে নিজৰ ঘৰৰ পৰা কৰ্মস্থলীলৈ গৈ আছিল।

তেনে সময়তে পিছফালৰ পৰা অহা এখন এএছ ০১ইবি ৬৩২৩ নম্বৰৰ ক্ৰেটা বাহনে এ এছ ১৯এন ৮৬৭৪ নম্বৰৰ বাইকখনক মহটিয়াই প্ৰায় এশ মিটাৰমান দূৰলৈ চোঁচৰাই লৈ যায় আৰক্ষী জোৱানজনক।

দুৰ্ঘটনাত থিতাতে নিহত হয় আৰক্ষী জোৱান দীপক দাস।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বাহন দুখন নিজৰ জিম্মাত লৈ আৰক্ষী জোৱানজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে দিহা কৰে।