হৃদয় বিদাৰক! হাতীৰ গচকত প্ৰাণ গ’ল এটি শিশুৰ…
June 11, 2021এক হৃদয় বিদাৰক ঘটনা।
হাতীৰ গচকত প্ৰাণ গ’ল এটি শিশুৰ।
নিহত শিশুটি বিহৰাৰ মিকিৰচাং বাগিছাৰ মুণ্ডা লাইনৰ চুৰমা ৰাউটীয়াৰ পুত্ৰ দীপ ৰাউটীয়া বুলি জানিব পৰা গৈছে।
শিশুটি বিয়লি বাগিছাৰ সমিপবৰ্তী পাহাৰ দিশে ফুৰিবলৈ যোৱাৰ অৱস্থাত সংঘটিত হয় ঘটনাটো।
নিহত দীপৰ মৃতদেহ বোকাখাত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি আনে।
ঘটনা সংঘটিত হোৱাৰ ২ ঘণ্টাৰ পাছটো বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।